নিউজ ডেস্ক : জি-৭ বৈঠকত অংশগ্ৰহণ কৰিবলৈ কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ৰাতিপুৱা জাপানত উপস্থিত হয়। বিত্ত মন্ত্ৰীগৰাকীয়ে জাপানৰ নিগাটাত অনুষ্ঠিত হ’বলগীয়া জি-৭ বৈঠকত বিত্ত মন্ত্ৰী গৰাকীৰ লগতে কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।
টকিঅ’ৰ হানেদা বিমানবন্দৰত জাপান আৰু মাৰ্শ্বেল দ্বীপপুঞ্জৰ ভাৰতীয় ৰাষ্ট্ৰদূত চিবি জৰ্জে বিত্ত মন্ত্ৰীগৰাকীক আদৰণী জনায়।
জাপান ভ্রমণকালত সীতাৰমণে আন দেশৰ বিত্ত মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক বৈঠকত অংশগ্রহণ কৰিব। ইয়াৰ লগতে তেওঁ ব্যৱসায়ী আৰু বিনিয়োগকাৰীসকলৰ এক গোলমেজ বৈঠকতো অংশগ্রহণ কৰিব। ইয়াৰ উপৰি তেওঁ বিত্ত মন্ত্ৰীসকলৰ (এফএমচিবিজি) এখন বৈঠকত কল্যাণৰ বাবে অর্থনৈতিক নীতি’ সম্পৰ্কীয় এখন আলোচনাচক্রত বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলকো আৰু কেন্দ্রীয় বেংকৰ গভৰ্ণৰসকলৰ ভাষণ দিব।
উল্লেখ্য যে জি-৭ হৈছে বিশ্বৰ সাতখন মুখ্য ঔদ্যোগিক দেশ ক্রমে- কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান, ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মঞ্চ। মন্ত্ৰালয়ৰ মতে, ভাৰতকো এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হয়।