গুৱাহাটী : চিকিৎসাধীন কংগ্ৰেছ কর্মীলৈ কংগ্ৰেছ দলৰ আৰ্থিক সাহায্য। হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে কংগ্ৰেছ কর্মী ভূপেন দৈমাৰী। ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য কংগ্ৰেছ দলৰ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা প্ৰতিনিধি দলে গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ থকা কংগ্ৰেছ দলৰ দলৰ বাস্কা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন দৈমাৰীৰ স্বাস্থ্যৰ বুজ লয়। প্ৰতিনিধি দলটোৱে ভূপেন দৈমাৰীৰ চিকিৎসা বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

লগতে পঢ়ক –  কমাৰগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা;থিতাতে নিহত এজন 

ভূপেন দৈমাৰীৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাৰ চেক পত্নীৰ হাতত অৰ্পণ কৰে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশক্ৰমে প্ৰতিনিধি দলটোৱে হেল্থ চিটী হাস্পতালত উপস্থিত হৈ সাহায্য প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply