ৰঙিয়া : ৰঙিয়া মহকুমাধিপতিৰ সংহত কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ অনুমোদন।ৰঙিয়াবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন বিধায়ক ভৱেশ কলিতাৰ।

ৰঙিয়া মহকুমাৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণৰ দিশত এক সবল পদক্ষেপ হিচাপে ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰশাসনিক অনুমোদন প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা প্ৰশাসনিক অনুমোদন লাভ কৰা ই হৈছে ৰাজ্যখনৰ ভিতৰতে প্ৰথমটো সংহত মহকুমাধিপতিৰ কাৰ্যালয়।

উল্লেখযোগ্য যে ৰঙিয়া ষ্টেচনৰ সমীপৰ ৰঙিয়া উন্নয়ন খণ্ডৰ চৌহদত প্ৰস্তাবিত এই কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। প্ৰায় ১৭.৯২ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই সংহত কাৰ্যালয়টোত মহকুমাধিপতিৰ কাৰ্যালয়ৰ লগতে মুঠ ১০ টাকৈ চৰকাৰী বিভাগ সংযোজিত হ’ব।

লগতে পঢ়ক – অসম সচিবালয়ত বিষয়া-কৰ্মচাৰীৰ সন্ত্ৰাসবাদ বিৰোধী সংকল্প গ্ৰহণ

এই কাৰ্যালয় নিৰ্মাণ হৈ উঠিলে ৰঙিয়াবাসী ৰাইজৰ বিভিন্ন প্ৰশাসনিক কাম-কাজ সুচলতৰ হৈ উঠিব বুলি আশা কৰা হৈছে। ৰঙিয়াবাসী ৰাইজৰ এই দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণৰ দিশত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মহকুমাটোৰ জনসাধাৰণৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply