নিউজ ডেস্ক: ডিব্ৰুগড়ৰ শিক্ষা বিষয়া কাৰ্যালয়ত এক বৃহৎ পৰিমাণৰ বিত্তীয় কেলংকাৰী সংঘটিত হৈছে। বিত্তীয় কেলংকাৰী ভিত্তিতেই ইতিমধ্যে আৰক্ষীয়ে ধনটি গগৈ লোকজন গ্ৰেপ্তাৰ কৰা হৈছে। ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বন্তি শৰ্মাৰ অভিযোগ অনুসৰি, শিক্ষা বিষয়া কাৰ্যালয়ৰ গাণনিক ধনটি গগৈয়ে প্ৰায় ৩০ লাখ টকাৰ বিত্তীয় কেলংকাৰী সংঘটিত কৰিছে।
পৰিদৰ্শক বন্তি শৰ্মাৰ জনোৱা মতে, গাণনিক ধনটি গগৈয়ে কাৰ্যালয়ৰ দুটা বেংক একাউণ্টৰ পৰা প্ৰায় ৩০ লাখ টকা অতি কৌশলেৰে হৰলুকী কৰি নিজা ইণ্ডিয়ান বেংক, এছ বি আই আৰু ইউকো বেংকৰ ব্যক্তিগত একাউণ্টলৈ এই বৃহৎ ধনৰাশি স্থানান্তৰ কৰিছিল।
যোৱা ২০২২ বৰ্ষৰ পৰাই এই কেলংকাৰীটো সংঘটিত হৈ আছিল। যাৰ বাবে বহু জিলাখনৰ বহু বিদ্যালয়সমূহে সময়মতে সৰ্বশিক্ষাৰ ধন লাভ নকৰা, গুণোৎসৱৰ নিৰীক্ষকে ধন লাভ নকৰা আদি বিষয়বোৰৰ ভিত্তিতেই কেইদিনমান পূর্বে বিভাগীয়ভাৱে চলোৱা অনুসন্ধানত বৃহৎ কেলেংকাৰীটো পোহৰলৈ আহে বুলি পৰিদৰ্শক গৰাকীয়ে জানিবলৈ দিয়ে। গাণনিকগৰাকীয়ে গুণোৎসৱ, আই আৰ ডি এফ আৰু অন্যান্য আঁচনিৰ নামত আবণ্টিত ধন নিজা একাউন্টত জমা কৰি ৰাখিছিল বুলি কয় বন্তি শৰ্মাই।
ইয়াৰ পিছতেই বন্তি শৰ্মাই বিষয়টো দৃষ্টিগোচৰ হোৱাত জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট ঊর্ধ্বতন পক্ষক অৱগত কৰাই আৰু পাচত এই সন্দৰ্ভত আৰক্ষীক এজাহাৰ দিয়ে। ডিব্ৰুগড় আৰক্ষীয়ে এজাহাৰৰ ভিত্তিতেই বৃহস্পতিবাৰে ভাৰতীয় দণ্ডবিধিৰ ৪০৬ আৰু ৪০৯ ধাৰাৰ অধীনত এটা গোচৰ (নং ২৫৫/২৩) ৰুজু কৰি ধনটি গগৈক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ধনটি গগৈক সোধা-পোছা অব্যাহত ৰাখিছে।
লগতে পঢ়ক – ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰ