গুৱাহাটী – পংকজ পাঠক নামৰ আয়ুৰ্বেদিক সামগ্ৰীৰ এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে সৰ্বত্ৰে ধিক্কাৰ বাৰ্তা চলিছে। চুটি কাপোৰ পিন্ধি, অন্তৰ্বাস পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দি হঠাৎ চৰ্চালৈ আহিছিল এইগৰাকী ব্যৱসায়ী। নিজৰ উৎপাদিত ঔষধৰ প্ৰচাৰ কৰিবলৈ গৈ এনেদৰে আপত্তিজনক মন্তব্য কৰি সৰ্বত্ৰে ৰোষত পৰিছে ব্যৱসায়ীজন। পংকজ পাঠকৰ এই মন্তব্যৰ পাচতেই ৰাজ্যৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইয়াতেই ক্ষান্ত নাথাকি পাঠকে অসমৰ এগৰাকী সাংবাদিক তথা তেওঁৰে সাংবাদিক পত্নীকো সাংকেতিক শব্দ ব্যৱহাৰেৰে ফে’চবুকযোগে আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ লগতে সাংবাদিক ৰ’জী শৰ্মাই দিছপুৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে।
সাংবাদিক ৰোজী শৰ্মাৰ অভিযোগৰ ভিত্তিত দিছপুৰ আৰক্ষী চকীত Case no. 333/22 U/S- 354(A)/509 IPC নম্বৰৰ এটা গোচৰো ৰুজু কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে পংকজ পাঠকক গ্ৰেপ্তাৰ কৰিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা হাতত লৈছে বুলি জানিব পৰা গৈছে।
EastMojo Assam ৰ তৰফৰ পৰা পংকজ পাঠকৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাত এই সমগ্ৰ বিষয়টো এক ষড়যন্ত্ৰ আৰু তেওঁৰ ব্যৱসায়ৰ উত্থানত ইৰ্ষান্বিত হৈ একাংশ লোকে বিষয়টো আনফালে লৈ যোৱা বুলি উল্লেখ কৰে পাঠকে। পাঠকে জনোৱা মতে কাইলৈ অহা দুটা দিনত অধিবক্তা সাজু কৰা, বিভিন্ন বৈঠকত ব্যস্ত থাকিব বঙাইগাওঁ আৰু কোকৰাঝাৰত।
ইতিমধ্যে, পংকজ পাঠকৰ বিৰুদ্ধে সৰব অসম ৰাজ্যিক মহিলা আয়োগ ৷ এইবাৰ নিজাববীয়াকৈ অসম ৰাজ্যিক মহিলা আয়োগে পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ কেৱল ৰাজ্যিক মহিলা আয়োগেই নহয়, শেহতীয়াকৈ সামাজিক মাধ্যমত মহিলা সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে বান্দৰ কেকোঁৱাৰ গুড়ি বিক্ৰীৰ প্ৰচাৰ চলোৱা পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ।
নিজকে আয়ুৰ্বেদৰ চিকিৎসক বুলি দাবী কৰা পংকজ পাঠকে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত কৰিছিল কটু মন্তব্য। ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ মহিলা সমিতি, জাতীয় নাৰী বাহিনী, সদৌ অসম আইন ছাত্ৰ সন্থাই পাঠকৰ বিৰুদ্ধে বশিষ্ঠ, দিছপুৰ আৰু পাণবজাৰ থানাত ৰুজু কৰিছে গোচৰ ৷ ইয়াৰ পাচতে, সোমবাৰে অসম ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে পংকজ পাঠকৰ বিৰুদ্ধে।
উল্লেখ্য যে মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা পংকজ পাঠকক দলীয় শৃংখলা ভংগ আৰু অসামাজিক বক্তব্যৰ বাবে তাৎক্ষণিকভাৱে অসম গণ পৰিষদ দলৰ পৰা অব্যাহতি দিয়া হৈছে। অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেওবাৰে পংকজ পাঠকৰ এই মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷