নিউজ ডেস্ক: কোকৰাঝাৰত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ১ কোটি টকাৰ সম্পত্তি জুইত জাহ যায়। শনিবাৰে নিশা কোকৰাঝাৰ নগৰত উক্ত অগ্নিকাণ্ড সংঘটিত হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
জানিব পৰা শনিবাৰে নিশা কোকৰাঝাৰ ৰে’লৱে ষ্টেশ্যনৰ সমীপত থকা কোকৰাঝাৰ দৈনিক বজাৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।
স্থানীয় লোকে জনোৱা মতে অগ্নিকাণ্ডৰ জুইত ১০ খনতকৈ অধিক দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিতৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে অগ্নি নিৰ্বাপন বাহিনীৰ কেইবাখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
লগতে পঢ়ক – বাক্সাৰ আনন্দপুৰত নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱা লম্পট গ্ৰেপ্তাৰ