গৰৈমাৰী : দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুইত জাহ গ’ল ১৫ লক্ষাধিক টকাৰ সম্পত্তি। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন।
মঙলবাৰে দক্ষিণ কামৰূপৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত চাৰিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত লগতে এজন লোকৰ দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গৰৈমাৰীৰ উত্তৰ লাৰুৱাজানত সংঘটিত হয় এই অগ্নিকাণ্ড।
উত্তৰ লাৰুৱাজানৰ লাল মিঞা নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত চাৰিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে লাল মিঞাৰ দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিদ্যুৎ বিজুতিৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
লগতে পঢ়ক – বড়োলেণ্ডবাসীৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষৰে BTC-BRLF–ৰ মাজত বিশেষ বুজাবুজি চুক্তি
অগ্নিকাণ্ডত ১৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী জ্বলি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী অহাৰ পূৰ্বেই পূৰ্বাই স্থানীয় ৰাইজে তৎপৰতাৰে জুই নুমাবলৈ সক্ষম হয় হয় ৷ ঘটনাস্থলীত জোৰশিমুলী আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।