নলবাৰী : নামনিমুৱা ইন্টাৰচিটি এক্সপ্ৰেছত অগ্নিকাণ্ড। হঠাৎ জ্বলি উঠিল নামনিমুৱা ইন্টাৰচিটি এক্সপ্ৰেছ। নলবাৰী ৰে’ল ষ্টেচনত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। অগ্নিকাণ্ডৰ পিছতে হুৱাদুৱা লাগে ৰে’লখনত থকা যাত্ৰী সকলৰ মাজত।
নলবাৰী ৰে’ল ষ্টেচনত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নলবাৰী ৰে’ল ষ্টেচনত নামনিমুৱা ইন্টাৰচিটিত হঠাৎ এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ পিছতে ৰে’লখনত থকা যাত্ৰী সকল আতংকিত হৈ পৰে।
লগতে পঢ়ক – খুমটাইৰ গৰিয়াজানত পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ
ততাতৈয়াকৈ ৰে’ল আৰক্ষীয়ে যাত্ৰীসকলক নমোৱাৰ ব্যৱস্থা কৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। অগ্নিকাণ্ডৰ কাৰণ জনিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।