গুৱাহাটী : মহানগৰীৰ ছয়মাইলত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সম্পত্তি। বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে নিৰ্বাপন কৰে জুই।

শুকুৰবাৰে দুপৰীয়াৰ ভাগত মহানগৰীৰ ছায়মাইলৰ ভিআইপি ৰোডৰ পেলেটিয়া এপাৰ্টমেন্টতৰ ৬ ষষ্ঠ মহলাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পেলেটিয়া এপাৰ্টমেন্টতৰ ৬ ষষ্ঠ মহলাত থকা প্ৰদিপ বৰগোহাঁই নামৰ এজন লোকৰ এপাৰ্টমেন্টত সংঘটিত হয় অগ্নিকাণ্ড।

বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডত এপাৰ্টমেন্টত থকা কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। এচি,ফ্ৰিজ, ৱাচিং মেছিন, টিভি সকলো সামগ্ৰী ভস্মীভুত হয় অগ্নিকাণ্ডত।

লগতে পঢ়ক –  অসমত উত্তৰ-পূবৰ ভিতৰত আৰক্ষীৰ জিম্মা আৰু এনকাউন্টাৰত মৃত্যুৰ সংখ্যা সৰ্বাধিক

অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ সময়ত এপাৰ্টমেন্টখনত কোনো লোকে উপস্থিত নাছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply