গুৱাহাটী : মহানগৰী গুৱাহাটীত অগ্নিকাণ্ড। মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।
পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীৰ জু ৰোডত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জু ৰোডৰ লখিমী নগৰৰ ৩০ নং হাউচত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
লগতে পঢ়ক – অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ চাইকেল দলক নিশা তেজপুৰত আদৰণি
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।