গুৱাহাটী : যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ড। বস্তা প্ৰস্তুত কৰা প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। কোটি টকাৰ সম্পত্তি ভস্মীভূত হয় এই বিধ্বংসী অগ্নিকাণ্ডত।
যোৰাবাটৰ ১৫ মাইলত বস্তা প্ৰস্তুত কৰা এটা প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। ১৫ মাইলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শিৱ প’লিমাৰ নামৰ বস্তা প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত প্ৰতিষ্ঠানটোৰ কোটি টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰে।
লগতে পঢ়ক – কলিয়াবৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলাই ব্যৰ্থ হয় যদিও ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে বিদ্যুৎ বিজুতিৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।