গুৱাহাটী : বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা বেংকত অগ্নিকাণ্ড। বেংক অৱ বৰোদাৰ ভঙাগড় শাখাত ৰহস্যজনক অগ্নিকাণ্ডত। দিছপুৰ মহাবিদ্যালৰ ৭৬ লাখ টকাৰ বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাইছিল বেংক অৱ বৰোদাৰ ভঙাগড় শাখাৰ।
বেংক অৱ বৰোদাৰ ভঙাগড় শাখাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত বেংক অৱ বৰোদাৰ বহু নথি পত্ৰ জুইত জাহ যায় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
উল্লেখ্য যে দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে লুটি নিয়া হৈছিল ৭৬ লাখ টকা। দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটি নিছিল ৭৬ লাখ টকা। বেংক এফ বৰোডাৰ ভঙাগড় শাখাত আছিল দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট।
লগতে পঢ়ক – ধেমাজিত মালিক শুই থকা অৱস্থাতে দোকানৰ টিনপাত কাটি সোমাল চোৰ
ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰা হৈছিল। যোৱা ২ মে’ তাৰিখে এই ঘটনা সংঘটিত হৈছিল। দিছপুৰ মহাবিদ্যালয় অধ্যক্ষ ড০ নৱজ্যোতি বৰাই দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে। ঘটনাৰ লগত বেংকৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে অধ্যক্ষ ড০ নৱজ্যোতি বৰাই।