গুৱাহাটী : মহানগৰীৰ ভঙাঘৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন ৰেষ্টুৰেন্টত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ৰেষ্টুৰেন্টখন ভস্মীভূত। কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

পুৱা প্ৰায় ১০ মান বজাত ৰেষ্টুৰেন্টখনত হঠাৎ জুইৰ সূত্ৰপাত হয়। দাওদাওকৈ ৰেষ্টুৰেন্টখন জ্বলি উঠাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে। স্থানীয় ৰাইজে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দি জুই নিৰ্বাপনৰ চেষ্টা চলায়।

লগতে পঢ়ক – গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত মেঘনিধি দাহাল; ৰাজ্যৰ ৭ জিলাৰ উপায়ুক্তক ৰদ বদল

অগ্নিকাণ্ডৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত তৎপৰতাৰে উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ ৮ খন কৈ গাড়ীয়ে জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডত ৰেষ্টুৰেন্টখনৰ কেইবা লক্ষাধিক টকাৰ সম্পত্তি জাহ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply