নিউজ ডেস্ক: শ্বহীদ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অনুষ্ঠানত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আমেৰিকাত সংঘটিত হোৱা এই ঘটনাত প্ৰায় ১৬ জন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক।

আমেৰিকাৰ হৈ বিভিন্ন যুদ্ধত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক স্মৰণ কৰি প্ৰতি বছৰে স্মৃতি দিৱস উদযাপন কৰা হয়। ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি দেশৰ সকলো স্তৰৰ লোকে শ্বহীদসকলক শ্ৰদ্ধা জনাই বিভিন্ন সাপ্তাহিক অনুষ্ঠানৰ আয়োজন কৰে।

ফ্ল’ৰিডাৰ হলিউড বিচ অঞ্চলত স্থানীয় সময় অনুসৰি সোমবাৰে সন্ধিয়া সংঘটিত হোৱা গুলীচালনাত ৯ জন লোক আহত হয়। সেই সময়ত তেওঁলোকে মিয়ামিৰ উত্তৰত আটলাণ্টিক উপকূলত ছুটী উপভোগ কৰি আছিল।

আৰক্ষীৰ মতে, দুটা গোটৰ মাজত হোৱা বিবাদে হিংসাত্মক ৰূপ লয়। হলিউড আৰক্ষীৰ মুখপাত্ৰ ডায়েনা বেটিনেস্কিয়ে সদৰী কৰা মতে ঘটনাস্থলীৰ পৰা এজন ব্যক্তিক জিম্মাত লোৱা হৈছে আৰু এজন সন্দেহযুক্ত লোকক বিচাৰি থকা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply