তিনিচুকীয়া : তিনিচুকীয়াত সংঘৰ্ষ। আলফা (স্বাধীন) আৰু সেনাৰ মাজত সংঘর্ষ। আলফা (স্বাধীন)ৰ সদস্য আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। ঘটনাক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে তিনিচুকীয়াত।
তিনিচুকীয়া জিলাৰ কাকপাথৰৰ দ পথাৰত শুকুৰবাৰে দুপৰীয়াৰ ভাগত আলফা (স্বাধীন) আৰু সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। বৰ্তমানেও গুলীয়াগুলী চলি থকা বুলি জানিব পৰা গৈছে। আলফা (স্বাধীন)ৰ এজন সদস্য নিহত হোৱাৰ সন্দেহ।
লগতে পঢ়ক – মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহত সংখ্যা বৃদ্ধি
জানিব পৰা মতে ৰূপম অসম নামৰ আলফা (স্বাধীন)ৰ এজন সদস্যৰ নেতৃত্বত ৬ জনীয়া দল এটৰ সৈতে সেনা বাহিনীৰ সংঘর্ষ অব্যাহত আছে। গুলীয়াগুলীৰ লগতে গ্ৰেণ্ডেড বিস্ফোৰণৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।