নিউজ ডেস্ক: এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এই ভয়ানক গুলীচালনাৰ ঘটনা।
জানিব পৰা মতে, ৬ জুনত ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ ডাউনটাউন থিয়েটাৰৰ ভিতৰৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকল ওলাই অহাৰ সময়তে এগৰাকী ১৯ বছৰীয়া যুৱকে চাৰিটাকৈ বন্দুক লগত লৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে।
চৌহদত প্ৰৱেশ কৰিয়েই যুৱকজনে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। গুলীচালনাত ৭ জনকৈ লোক থিতাতে নিহত হয় আৰু আন ৫ জন গুৰুতৰভাবে আহত হয়। আহতসকলৰ অৱস্থা বৰ্তমানেও সংকটজনক।
গুলীচালনাৰ সৈতে জড়িত ১৯ বছৰীয়া যুৱক জনক ইতিমধ্যে অস্ত্ৰসহিতে গ্ৰেপ্তাৰ কৰিছে ৰিচমণ্ড আৰক্ষীয়ে।