দেশৰ প্ৰতিৰক্ষা খণ্ডত এক নতুন ইতিহাসৰ সূচনা। বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনত কাৰ্যকৰীভাৱে নিয়োজিত হৈছে প্ৰথমগৰাকী মহিলা বিষয়া। এই অনন্য কৃতিত্ব অৰ্জন কৰিছে ভাৰতীয় সেনাৰ ফায়াৰ এণ্ড ফাৰী কৰ্পছৰ কেপ্তেইন শিৱ চৌহানে।

চিয়াচেন যুদ্ধ বিদ্যালয়ত অন্যান্য সেনা কৰ্মচাৰীৰ সৈতে এমাহৰ কষ্টকৰ প্ৰশিক্ষণৰ অন্তত চিয়াচেনত নিযুক্ত হৈছে শিৱ চৌহান। মঙলবাৰে অগ্নিনিৰ্বাপক বাহিনীয়ে চৌহানক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত চিয়াচেনত নিয়োগ কৰা বুলি ঘোষণা কৰে।

ৰাজস্থানৰ কেপ্তেইন শিৱ চৌহান এগৰাকী বেংগল চেপাৰ। উদয়পুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি উদয়পুৰৰ এন জে আৰ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল চৌহানে।

১১ বছৰ বয়সতে পিতৃক হেৰুওৱা চৌহানে শৈশৱৰ পৰাই ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ লক্ষ্য লৈছিল আৰু চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমী চমুকৈ OTAত প্ৰশিক্ষণ গ্ৰহণ কৰি ২০২১ চনৰ মে’ মাহত অভিযন্তা ৰেজিমেণ্টত নিযুক্তি লাভ কৰিছিল।

২০২২ চনৰ জুলাই মাহত কাৰ্গিল বিজয় দিৱস উপলক্ষে অনুষ্ঠিত হোৱা চিয়াচেন যুদ্ধ স্মৃতিসৌধৰ পৰা কাৰ্গিল যুদ্ধ স্মৃতিসৌধলৈ ৫০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ছুৰা ছয় চাইকেল অভিযানৰ সফলতাৰে নেতৃত্ব দি কেপ্তেইন শিৱই অনন্য কৃতিত্ব অৰ্জন কৰিছিল।

ইয়াৰ পিছত বিষয়াগৰাকীয়ে বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰত ছুৰা ছ’ই ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰ কৰ্মচাৰীসকলক নেতৃত্ব দিয়ে আৰু তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত চিয়াচেন যুদ্ধ বিদ্যালয়ত প্ৰশিক্ষণ ল’বলৈ নিৰ্বাচিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply