নগাঁও : নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলাখনৰ বিভিন্ন প্ৰান্তত চলিল নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানকালত জালত পৰিছে ৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী।

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে ৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী।

নগাঁৱৰ তিনিটাকৈ অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই নগাঁও আৰক্ষীয়ে ৫ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে ভূপেন কলিতা, নেকিবুৰ ৰহমান, জেহৰুল ইছলাম, মেৰাজুল হক আৰু চাদিকুল ইছলাম।

লগতে পঢ়ক – পুৰণিগুদামৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা: আহত সাংবাদিক

আৰক্ষীয়ে শেনচোৱাৰ পৰা ১৪ টা ড্ৰাগছ ভৰ্তি কন্টে‌ইনাৰসহ ভূপেন কলিতাক, খাগৰিজান কজেলৰ সন্মুখৰ পৰা ১০ টা ড্ৰাগছ ভর্তি কন্টে‌ইনাৰসহ নেকিবুৰ ৰহমান, জেহৰুল ইছলামক আৰু ১৫ টা ড্ৰাগছ ভৰ্তি কন্টে‌ইনাৰসহ চোটাৰূপহীৰ পৰা মেৰাজুল হক আৰু চাদিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply