নিউজ ডেস্ক: দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ৫ এগৰাকী ব্যক্তিক উপাধি প্রদান কৰে অসম সত্ৰ মহাসভাই।
অনুষ্ঠানটোত অসম সত্ৰ মহাসভাৰ সম্পাদক প্রধান তথা সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত,অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্রনাথ প্ৰধানী, অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ফটিক দত্ত গোস্বামী, অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব পৰমেশ দত্ত, অৱসৰপ্ৰাপ্ত আইএফএছ বিষয়া মোহন মালাকাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকে।
অনুষ্ঠানটোত শ্রীশ্রী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীক ‘সত্ৰৰত্ন’, অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীক ‘সত্ৰীয়া সাহিত্য ৰত্ন’, মাজুলীৰ নতুন চামগুৰি সত্ৰৰ পদ্মশ্রী ড° হেমচন্দ্ৰ গোস্বামীক ‘সত্ৰীয়া কলাৰত্ন’, হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অমলেন্দু চক্ৰৱৰ্তীক ‘সত্ৰবন্ধু’ আৰু বিশিষ্ট সাহিত্যিক তথা গৱেষক সাৱৰমল সাংযেনেবিয়াক ‘বৈষ্ণৱ বন্ধু’ উপাধি প্ৰদান কৰা হয়।