নিউজ ডেস্ক : কমনৱেলথ গেমছ ২০২২ ৰ মহিলা ক্ৰিকেট দলৰ প্ৰথমখন মেচ অহা ২৯ জুলাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া এইখন মেচৰ বাবে ভাৰতীয় মহিলা দলৰ খেলুৱৈসকলে প্ৰস্তুতি আৰম্ভ কৰিছে। এই প্ৰতিযোগিতাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পাঁচ গৰাকী খেলুৱৈয়ে দেশৰ হৈ সোণৰ পদক অর্জন কৰিব পাৰে।

এই পাঁচ গৰাকী খেলুৱৈৰ তালিকাত প্ৰথমে নাম উল্লেখ কৰিব লাগিব ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেপ্তেইন হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনা আৰু দীপ্তি শৰ্মাৰ। ইফালে টীম ইণ্ডিয়াৰ অ’পেনাৰ শ্বেফালী বাৰ্মাই কম সময়ৰ ভিতৰতে নিজৰ নাম উজলাইছে। কেইবাটাও মেচত উজ্জ্বল প্ৰদৰ্শন কৰিছে শ্বেফালী বাৰ্মাই।

টি-২০ বিশ্বকাপ ২০২০ ত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল শ্বেফালীয়ে। ৫ খন মেচত ১৬৩ ৰান সংগ্ৰহ কৰিছিল। শ্বেফালী বাৰ্মাৰ পৰা আকৌ এবাৰ আশা থাকিব ভাৰতে। বিস্ফোৰক বেটিংৰ বাবে জনাজাত কেপ্তেইন হৰমনপ্ৰীত কৌৰে ১০০ খনতকৈও অধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। হৰমনপ্ৰীত কৌৰৰ অভিজ্ঞতা ভাৰতৰ বাবে কামত আহিব।

টি-২০ ৰ লগতে এদিনীয়াতো ভাল প্ৰদৰ্শন কৰিছে দীপ্তি শৰ্মাই। কমনৱেলথ গেমছত দীপ্তি শৰ্মা ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে আৰু সোণৰ পদক লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে দীপ্তি শৰ্মাই। দীপ্তি শৰ্মা স্পিন বলাৰৰ লগতে উৎকৃষ্ট ফিল্ডাৰ। শক্তিশালী বেটিংৰ বাবে পৰিচিত স্মৃতি মান্ধনাই নিজৰ দক্ষতা প্ৰমাণ কৰিব পাৰিলে সোণৰ পদক ভাৰতলৈ অহাৰ সম্ভাৱনা অধিক।

লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৩ খন জিলাৰ ৩৬ খন গাঁও জলমগ্ন হৈ আছে

শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা ৰাজেশ্বৰী গাইকোৱাদ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ বুলি প্ৰমাণিত হ’ব পাৰে। ৰাজেশ্বৰী গাইকোৱাদ এগৰাকী সফল স্পিন বলাৰ। উল্লেখ্য যে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতি গৰাকী সদস্যৰে যি কোনো মুহূৰ্তত খেল সলনি কৰি দিব পৰা ক্ষমতা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply