নিউজ ডেস্ক : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ পাঁচ গৰাকী সফল বলাৰ। এদিনীয়া ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সর্বসাধিক সফলতা লাভ কৰা বলাৰ পাঁচ গৰাকীৰ ভিতৰত প্ৰথম স্থানত আছে ১৯৮৩ চনৰ বিশ্ব কাপ বিজয়ী দলৰ অধিনায়ক কপিল দেৱ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰিলে কপিল দেৱে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪২ খন মেচত কপিল দেৱে ৪৩ টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁৰ বলিং গড় আছিল ২৮.৮৮ আৰু ইকনমি ৰেট আছিল ৩.৬২।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত দ্বিতীয় সফল ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে ৰবীন্দ্ৰ জাডেজা। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মাত্ৰ ২৯ খন মেচত ৰবীন্দ্ৰ জাডেজাই ৪১ টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁৰ বলিং গড় আছিল ২৯.৮৭ আৰু ইকনমি ৰেট আছিল ৪.৮৭।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক সফলতা লাভ কৰা ভাৰতীয় বলাৰৰ তৃতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন স্পিনাৰ অনিল কুম্বলে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৬ খন এদিনীয়া মেচত অনিল কুম্বলে ৪১ টা উইকেট দখল কৰিছে। তেওঁৰ বলিং গড় ২৩.৭৩ আৰু ইকনমি ৰেট ৪.৩৬।

এই তালিকাত চতুৰ্থ স্থানত আছে টিম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ ছামী। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মাত্র ১৮ খন এদিনীয়া মেচত ৩৭ টা উইকেট দখল কৰিছে মহম্মদ ছামীয়ে৷ এই সময়ছোৱাত মহম্মদ ছামীৰ বলিং গড় আছিল ২২.৫৪ আৰু ইকনমি ৰেট আছিল ৫.৫৭।

লগতে পঢ়ক –  আগষ্টত ৰাজ্যবাসীয়ে লাভ কৰিব নতুন উপহাৰ

এই তালিকাৰ শীৰ্ষ ৫ গৰাকী বলাৰৰ ভিতৰত হৰভজন সিঙকো অন্তৰ্ভুক্ত কৰা হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩১ খন এদিনীয়া মেচত ৩৩ টা উইকেট দখল কৰিছে হৰভজন সিঙে। ৩৪.২৭ তেওঁৰ গড় আৰু ইকনমি ৰেট ৪.২৬।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply