নিউজ ডেস্ক: ছিকিমত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৫ গৰাকীকৈ পৰ্য্যটকসহ ৬ জন লোকে প্ৰাণ হেৰোৱাব লগা হয়। ছিকিমৰ মানগান জিলাৰ লাচুঙৰ সমীপৰ খেদুঙত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো।

প্ৰাপ্ত তথ্য মতে শনিবাৰে নিশা প্ৰায় ৮ বজাত মহাৰাষ্ট্ৰৰ পাঁচ গৰাকী পৰ্য্যটক কঢ়িয়াই অনা বাহনখনে খেদুঙত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৫ গৰাকীৰ লগতে বাহনখনৰ চালকজনে মৃত্যুক সাবটি লয়।

নিহত পৰ্য্যটক কেইজনক সুৰেশ পুনামিয়া, তৰাল পুনামিয়া, দেবাঞ্চি পুনামিয়া, হিৰল পুনামিয়া আৰু জয়াম পৰমাৰ বুলি চিনাক্ত কৰা হৈছে। আনহাতে নিহত চালক গৰাকীক ছোমি বিশ্বকৰ্মাথে বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছত লাচুঙ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটাক উদ্ধাৰ কৰে।

লগতে পঢ়ক – বাহিৰৰ পৰা অহা গামোচা, মেখেলা চাদৰে মাধমাৰ শোধাইছে থলুৱা শিপিনীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply