বঙাইগাঁও : বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাপানী গাঁও পঞ্চায়তৰ মাজেৰে নৱনিৰ্মিত ২ নং ৰাজ্যিক ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। বাঢ়নী পানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত নৱনিৰ্মিত পথটো খহনীয়াৰ কবলত পৰিছে। যিকোনো সময়ত পথটো পানীয়ে উটুৱাই নিব পাৰে।
ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে বঙাইগাঁও জিলাতো জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে। মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাপানী গাঁও পঞ্চায়তৰ মাজেৰে নৱনিৰ্মিত ২ নং ৰাজ্যিক ঘাইপথৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বাঢ়নী পানীয়ে। সময় থাকোতে পথটো ৰক্ষাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো সময়ত পথটো ছিঙি যোৱাৰ উপক্ৰম সৃষ্টি হৈছে।
অঞ্চলটোৰ স্থানীয় ৰাইজে ৰাজ্য চৰকাৰ লোক নিৰ্মাণ বিভাগক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি পথটো ৰক্ষা কৰাৰ বাবে আহ্বান জনাইছে। পথটো পানীয়ে উটুৱাই নিলে বঙাইগাঁও আৰু বৰপেটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিব। ফলত যমৰ যাতনা ভুগিব লাগিব দুয়োখন জিলাৰ চৰকাৰী বিষয়া তথা জনতাই।
লগতে পঢ়ক – বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিল লাভলীনা
আনফালে বঙাইগাঁও জিলাৰ ১, ২ আৰু ৩ নং চালাবিলা, ১ ৰ পৰা ৭ নং বাশঁবাৰী, নোৱাপাৰা, ভাণ্ডাৰা, কীৰ্তনপাৰা, গোলাপাৰা পঞ্চায়তৰ বহু গাঁও মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে। বানাক্ৰান্ত ৰাইজে জিলা প্ৰশাসনে তথা বিধায়কে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।