দুধনৈ : গোৱালপাৰা জিলাৰ দুধনৈত ছিঙিল মাথাউৰি। দুধনৈত মাথাউৰি ছিঙি কেইবাখনো গাঁও জলমগ্ন। মেঘালয়ৰ পানীয়ে ছিঙিলে মাথাউৰি। আতংকিত হৈ পৰিছে ৰাইজ।
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য এতিয়া বলিয়া বানৰ কবলত। ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বাঢ়নী পানীৰ তলত। হাজাৰ হাজাৰ লোক প্ৰভাৱিত হৈছে বছৰৰ প্ৰথমটো বানত। ডিমা হাছাওত তাণ্ডৱলীলা চলাইছে ভূমিস্খলনে।
অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত নেৰানেপেৰা বৰষুণৰ অব্যাহত থাকৰ ফলত নামনি অসমৰ গোৱালপাৰা জিলাত বানৰ আশংকাই দেখা দিছে। ইতিমধ্যে জিলাখনৰ দুধনৈৰ কেইবাখনো গাঁও জলমগ্ন কৰিছে মেঘালয়ৰ পানীয়ে।
মেঘালয়ৰ পানীয়ে দুধনৈত মাথাউৰি ছিঙি পেলোৱাৰ ফলত দুধনৈৰ কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে। মংগলবাৰে পুৱাৰ ভাগত এটা মাথাউৰি ছিঙি যোৱাত মেঘালয়ৰ পানীয়ে দুধনৈ নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে।
লগতে পঢ়ক – ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মজয়ন্তী উদযাপন
দুধনৈ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ইতিমধ্যে কেইবাখনো গাঁৱৰ বিস্তীৰ্ণ অঞ্চলত পানীৰ তলত ডুব গৈছে। দুধনৈ নদীৰ ভয়াবহ ৰূপ দেখি আতংকিত হৈ পৰিছে নৈপৰিয়া ৰাইজ। যি কোনো মুহূৰ্তত পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে।