নগাঁও : নগাঁৱত বানৰ তাণ্ডৱ। কলং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে নগাঁৱৰ বিস্তীৰ্ণ অঞ্চল। নগাঁও চহৰৰ বিস্তীৰ্ণ অঞ্চল এতিয়া কলং নৈৰ বাঢ়নী পানীয়ৰ তলত।

অপৰিবৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানপানীয়ে। ন ন অঞ্চল ডুব গৈছে বাঢ়নী পানীত।

ৰাজ্যৰ ২৭ খনকৈ জিলাৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে বছৰৰ প্ৰথমটো বানপানীত। নগাঁও জিলাত কলং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে নগাঁও চহৰৰ বিস্তীৰ্ণ অঞ্চল। নগাঁও চহৰৰ মিলনপুৰত বানে পকী দলং উটুৱাই নিয়াত প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল।

লগতে পঢ়ক – গাড়ীসহ সমবায় সমিতিৰ চোৰাং চাউল জব্দ

শ্বহীদ চন্দনপুৰ পথৰ এছোৱা উটুৱাই নিয়ে কলং নৈৰ পানীয়ে। কলং নৈৰ বানে নগাঁও চহৰৰ বহু ঠাই বুৰাই পেলাইছে। পথৰ ওপৰত আশ্ৰয় লবলৈ বাধ্য হৈছে বহু লোক। কলং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে নেহেৰুৱালী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply