গুৱাহাটী : ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ নেতৃত্বত এটা সঁজাতি দলে নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তেতেলিসৰা পঞ্চায়তৰ এটা স্থানত আৰু নিজ কামপুৰ পঞ্চায়তৰ দুটা স্থানৰ বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰণ কৰে। কপিলী নদীৰ বানে আক্ৰান্ত কৰা দুয়োটা পঞ্চায়তৰ ৰাইজক কিছু সকাহ দিয়াৰ উদ্যেশ্যে এই সাহাৰ্য বিতৰণ কৰা হয়।
ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰায় দুই শতাধিক পৰিয়ালক খাদ্য বস্তুৰ টোপোলা প্ৰদান কৰে।ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক সংগ দিয়ে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, ৰাজ্যিক উপ-সভাপতি তাপস কলিতা, ৰাজ্যিক সম্পাদক ঈশান ভৰালী, নয়ন হাজৰিকা, জিলা যুৱ সভাপতি সুন্দৰ শৰ্মা, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অভিনৱ গোস্বামী , সঞ্জীৱ ডেকা, নৃপেন ৰাজবংশী আৰু মুন দাসে।
লগতে পঢ়ক – আমচং হাইস্কুলৰ উদ্বোধন অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি বৰুৱাই কয় যে, যুৱ মৰ্চাৰ কাৰ্য্যকৰ্তাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিত দুৰ্দশাগ্ৰস্থ ৰাইজক সন্মুখৰ পৰা কৰি আছে। পৰিস্থিতি ঠিক নোহোৱা পৰ্য্যন্ত কাৰ্যকৰ্তা সকলক ৰাইজৰ মাজত থাকি সেৱা কৰিবলৈ আহ্বান জনায়।