বজালী : নৱঘোষিত জিলা বজালীত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বান পতিস্থিতিৰ বুজ লোৱাৰ পিছতে বজালীত বানে উটুৱাই নিয়ে গৰকাপ্তানী পথৰ এটা অংশ। ফলত জলমগ্ন হৈছে কেইবাখনো গাঁও।
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বজালীৰ মেধিকুছি গাঁৱত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লোৱাৰ পিছতে পুনৰ জিলাখনৰ বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বজালীৰ হাঠিনাপুৰ গাঁৱত পহুমাৰা নৈৰ সোঁতে গৰকাপ্তানী পথৰ এটা অংশ উটুৱাই নিয়ে।
লগতে পঢ়ক – বুঢ়াপাহাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল গছ
ভূটানৰ পানী নামি অহাত পহুমাৰা নৈ অধিক ভয়াবহ ৰূপ ধাৰণ কৰি গৰকাপ্তানী পথৰ এটা অংশ উটোৱেই নিয়ে। ফলত মেধিকুছিৰ লগতে বহু অঞ্চল প্লাৱিত হৈ পৰিছে। ইফালে গৰকাপ্তানী পথৰ এটা অংশ উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হৈ পৰিছে।