তামুলপুৰ : তামুলপুৰতো সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। তামুলপুৰত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে উপ-নৈ সমূহৰ জলপৃষ্ঠ। বাল্টি, মটঙা আৰু বৰলীয়া নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চল। বাঢ়নী পানীয়ে উটুৱাই নিলে নিলে বাঁহৰ দলং। নৱ নিৰ্মিত পকী দলংৰ ক্ষতি সাধন।
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ২৬ খনকৈ জিলা এতিয়া বানৰ কবলত। বাক্সা জিলাৰ তামুলপুৰতো সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। তামুলপুৰৰ বাল্টি, মটঙা, পাগলাদিয়া, বৰলীয়া আদি উপ-নৈ সমূহৰ জলপৃষ্ঠ ফেনে ফুটাকাৰে বৃদ্ধি পাইছে। উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰিছে। ভুটানৰ পৰা বৈ অহা পানীৰ ফলত উপ-নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে নেৰানেপেৰা বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক – ৰাজ্যৰ ২৬ খনকৈ জিলা বুৰাই পেলাইছে বাঢ়নী পানীয়ে
ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী, কাউলী আদি অঞ্চলৰ বহু গাঁৱৰ লগতে তামুলপুৰ জিলা সদৰৰ ডিমিলাপাৰ, ভকতপাৰা, বৰখোপা, ঘোগাপাৰ আদি গাঁৱৰ পথ জলমগ্ন হৈ পৰিছে। কৃত্ৰিম বানত বুৰ গৈছে কাউলী চন্দনপুৰ এছএছবিৰ শিবিৰো। বহু ঠাইত ভাঙি গৈছে নিৰ্মীয়মান গ্ৰাম্য পথ। মটঙা আৰু বাল্টি নৈৰ বাঢ়নী পানীৰ ফলত বন্ধ হৈ পৰিছে কাউলীকে আদি বহু অঞ্চলৰ যাতায়ত ব্যৱস্থা। ইপিনে উলুবাৰীত মটঙা নৈৰ এখন নৱ নিৰ্মিত পকী দলং ক্ষতিগ্ৰস্ত হৈছে বানপানীত।