নিউজ ডেস্ক- আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী-ডিব্ৰুগড় আৰু ডিব্ৰুগড়-গুৱাহাটীলৈ পুৱা-সন্ধিয়া পোনপটীয়া যাত্ৰীবাহী দৈনিক বিমান সেৱা। আগশাৰীৰ বিমান সেৱা ফ্লাই বিগে আৰম্ভ কৰে এই সেৱা।
আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্ধোধনী বিমানখনৰ ফ্লেগ অফ কৰে। লগতে ডিব্ৰুগড়-গুৱাহাটী অভিমুখী বিমানখনৰ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিমানখনৰ ফ্লেগ অফ কৰে।

তথ্য অনুসৰি, দৈনিক পুৱা ০৯:৩৫ বজাত ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰিব আৰু আবেলি ০৪:৩০ বজাত পুনৰ গুৱাহাটীলৈ উভতি আহিব এই বিমানখন।
আনহাতে জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে যে, “অসম পর্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত হৈ যোৱা বুজাবুজিৰ চুক্তি মর্মে আজি ৭২ জন যাত্রীৰ ক্ষমতাযুক্ত বিমানত ৬৫ গৰাকী যাত্রীৰে গুৱাহাটী-ডিব্রুগড়-গুৱাহাটীৰ মাজত বিমান সেৱা ফ্লেগ অফ কৰি আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। চুক্তি অনুসৰি ‘নন-উড়ান ৰুট’ত আৰম্ভ কৰা এই বিমান সেৱাই আভ্যন্তৰীণ যাতায়ত ব্যৱস্থা উন্নত কৰি ৰাজ্যখনৰ পর্যটন উদ্যোগত সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷ মোৰ বিশ্বাস, আগলৈ যাত্রীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। উল্লেখ্য যে অহা ১৫ মে’ৰ পৰা গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ হ’ব।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ ডাঙৰীয়াৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত বৰ্তমান ৰাজ্যখনত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছে, যাৰ ফলত পর্যটকৰ সংখ্যাই অভিলেখৰ সৃষ্টি কৰিছে। পর্যটন ক্ষেত্রৰ এই সোণালী ক্ষণত ফ্লাইবিগৰ বিমান সেৱাই নিসন্দেহে সুৱগা চৰাব।”
আনহাতে এই অনুষ্ঠানত অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, এ.টি.ডি.চি.ৰ উপাধ্যক্ষ দিলীপ দাস ডাঙৰীয়া, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ এম.ডি. পদ্মপাণি বৰা ডাঙৰীয়া, ফ্লাইবিগৰ অধ্যক্ষ সঞ্জয় নটৱৰলাল মাণ্ডৱীয় তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
