নিউজ ডেস্ক: গুৱাহাটী আৰু শিলচৰৰ মাজত ১ জুনৰ পৰা আৰম্ভ হ’ল ‘ফ্লাইবিগ’ৰ বিমান সেৱা। ৰাজ্যৰ দূৰণিবটীয়া ঠাইসমূহৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ ‘ফ্লাইবিগ’ আৰু “অসম পৰ্যটন উন্নয়ন নিগম” মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি মৰ্মে এই সেৱা আৰম্ভ কৰা হৈছে। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ‘ফ্লেগ অফ’ কৰি ইয়াৰ শুভাৰম্ভ কৰে।

‘ফ্লেগ অফ’ কৰি তেওঁ কয় যে দুয়োপক্ষৰ মাজৰ চুক্তি অনুসৰি ‘নন-উড়ান ৰুট’ত আৰম্ভ কৰা এই বিমান সেৱাই আভ্যন্তৰীণ যাতায়ত ব্যৱস্থা উন্নত কৰি অন্যান্য দিশৰ লগতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। এই বিমান সেৱা “ভায়েবিলিটি গেপ ফাণ্ডিং’ (VGF)-ৰ জৰিয়তে অসম চৰকাৰৰ হৈ “অসম পৰ্যটন উন্নয়ন নিগম’ৰ সহযোগত চলিব।

আজিৰ প্রাৰম্ভিক উৰণত সর্বাধিক ৭২ জন যাত্রীৰ বিমানখনত ৬৩ জন লোকে ভ্রমণ কৰে। ‘ফ্লাইবিগ’ৰ এই বিমানে দৈনিক গুৱাহাটীৰ পৰা পুৱা ৭.৩০ বজাত যাত্রা কৰি পুৱাই ৮.৩০ বজাত গুৱাহাটীলৈ উভতি আহিব।

উল্লেখ্য যে এই বুজাবুজিৰ চুক্তিৰ অধীনতে যোৱা ১ মে’ৰ পৰা গুৱাহাটী-ডিব্রুগড়- গুৱাহাটীৰ মাজতো ‘ফ্লাইবিগ’ৰ বিমান সেৱা আৰম্ভ কৰা হৈছিল।

আজিৰ ‘ফ্লেগ অফ’ অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্রী ঋতুপৰ্ণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ শ্ৰীদিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীমণিন্দৰ সিং, পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক শ্ৰীকুমাৰ পদ্মপাণি বৰা,  ‘ফ্লাইবিগ’ৰ অধ্যক্ষ শ্রী সঞ্জয় নটৱৰলাল মাণ্ডৱীয়কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply