নিউজ ডেস্ক: বিখ্যাত ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা ভাৰতৰ ১০ গৰাকী আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত পুনৰ স্থান পাইছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিছৰ অধ্যক্ষ মুকেশ আম্বানিয়ে।

২০২২ বৰ্ষৰ ১০ গৰাকী আটাইতকৈ ধনী ভাৰতীয়ৰ শীৰ্ষত স্থান পোৱা আম্বানিৰ যোৱা ১১ মাৰ্চলৈকে সম্পত্তিৰ মুঠ পৰিমাণ আছিল ৯০.৭ বিলিয়ন মাৰ্কিন ডলাৰ ভাৰতৰ হিচাপত ৯ হাজাৰ ৭০ কোটি টকা।

তালিকাৰ দ্বিতীয় স্থানত আছে Adani Ports & SEZ -ৰ অধ্যক্ষ গৌতম আদানি। তেওঁৰ মুঠ সম্পত্তি হৈছে ৯০ বিলিয়ন মাৰ্কিন ডলাৰ।

তৃতীয় স্থানত আছে HCL Technologies -ৰ শিৱ নাডৰ। মুঠ সম্পত্তি ২৮.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

চতুৰ্থ স্থানত আছে Serum Institute of India -ৰ চাইৰাছ পুনাৱালা। মুঠ সম্পত্তি ২৪.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

পঞ্চম স্থানত আছে Avenue Supermarts -ৰ ৰাধাকৃষণ দামানি। মুঠ সম্পত্তি ২০ বিলিয়ন মাৰ্কিন ডলাৰ।

ষষ্ঠ স্থানত আছে ArcelorMittal-ৰ অধ্যক্ষ লক্ষ্মি মিট্টাল। মুঠ সম্পত্তি ১৭.৯ বিলিয়ন মাৰ্কিন ডলাৰ।

সপ্তম স্থানত আছে O.P. Jindal গ্ৰুপৰ অধ্যক্ষা সাবিত্ৰী জিন্দাল। মুঠ সম্পত্তি ১৭.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

অষ্টম স্থানত আছে Aditya Birla গ্ৰুপৰ অধ্যক্ষ কুমাৰ বিৰলা। মুঠ সম্পত্তি ১৬.৫ বিলিয়ন মাৰ্কিন ডলাৰ।

নৱম স্থানত আছে Sun Pharmaceuticals ৰ দিলীপ শ্বাংঘৱি। মুঠ সম্পত্তি ১৫.৬ বিলিয়ন মাৰ্কিন ডলাৰ।

দশম স্থানত আছে Kotak Mahindra Bank -ৰ অধ্যক্ষ উদয় কোটাক মহিন্দ্ৰ। মুঠ সম্পত্তি ১৪.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

লগতে পঢ়ক – গুৱাহাটীত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আছুৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply