নিউজ ডেস্ক : সেউজীয়া বনাঞ্চলৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত ভাৰত উত্তৰ পূবত এতিয়া মহাসংকটত বনাঞ্চল। উত্তৰ পূবত ভয়াবহভাৱে সংকুচিত হৈছে বনাঞ্চল। যোৱা দুটা দশকত উত্তৰ পূবৰ বনাঞ্চল অধিক ভয়াবহভাৱে সংকুচিত হৈছে। দুটা দশকত দেশৰ ৰাজধানী দিল্লীৰ সমান তিনি গুণ বনাঞ্চল সংকুচিত হৈছে সমগ্ৰ উত্তৰ পূবত।
২০০১ ৰ পৰা ২০২১ পৰ্যন্ত দেশৰ উত্তৰ পূবত ৪,৩৫০ বৰ্গ কিলোমিটাৰ বনাঞ্চল সংকুচিত হৈছে। যিটো সমগ্ৰ দিল্লীৰ ১,৪৮৪ বৰ্গ কিলোমিটাৰ অঞ্চলৰ তিনি গুণ বেছি। উত্তৰ পূবৰ বনাঞ্চল সংকুচিত হোৱাৰ এই ভয়াবহ দৃশ্য পোহৰলৈ আহিছে গ্লোবেল ফৰেষ্ট ৱাটচৰ তথ্যত। গ্লোবেল ফৰেষ্ট ৱাটচ হৈছে সমগ্ৰ বিশ্বৰ বনাঞ্চল সমূহত ওপৰত দৃষ্টি ৰাখে।
গ্লোবেল ফৰেষ্ট ৱাটচৰ তথ্য মতে উত্তৰ পূবৰ ৰাজ্য সমূহৰ ভিতৰত সবাতোকৈ অধিক বনাঞ্চল সংকুচিত হৈছে অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ পিছতে আছে উত্তৰ পূবৰ আন।দুখন ৰাজ্য ত্ৰিপুৰা আৰু অসম। অৰুণাচল প্ৰদেশত যোৱা দুটা দশকত ১,২৫০ বৰ্গ কিলোমিটাৰ বনাঞ্চল সংকুচিত হোৱাৰ পৰিবৰ্তে ত্ৰিপুৰাত ১,১০০ বৰ্গ কিলোমিটাৰ আৰু অসমত ৬৩০ বৰ্গ কিলোমিটাৰ বনাঞ্চল সংকুচিত হৈছে। উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহতো সংকুচিত হৈছে বনাঞ্চল।
মণিপুৰত ৪৬০ বৰ্গ কিলোমিটাৰ, মেঘালয়ত ৪৫০ বৰ্গ কিলোমিটাৰ, নাগালেণ্ডত ৩১০ বৰ্গ কিলোমিটাৰ আৰু মিজোৰামত ১৫০ বৰ্গ কিলোমিটাৰ বনাঞ্চল সংকুচিত হৈছে যোৱা দুটা দশকত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানপানী দৰে প্ৰাকৃতিক দুৰ্যোগৰ মুখ্য কাৰণ বনাঞ্চল ধ্বংস বুলি কিছুদিন পূৰ্বে এক মন্তব্য প্ৰকাশ কৰিছিল। অসমৰ মুখ্যমন্ত্ৰীয়ে বনাঞ্চল সংৰক্ষণ বাবে বন বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও কৈছিল।
লগতে পঢ়ক – হোজাইত ১কোটি টকাৰ ব্ৰাউন চুগাৰ জব্দ: আটক এজন
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কৈছিল যে বিগত বছৰ সমূহত বন বিভাগে কাজিৰঙাৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় উদ্যান সমূহত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। বন বিভাগে অন্যান্য বনাঞ্চল সমূহতো সমানে গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে বুলিও মুখ্যমন্ত্ৰীয়ে কৈছিল। মুখ্যমন্ত্ৰীয়ে বন বিভাগক দ্ৰোণৰ জৰিয়তে বনাঞ্চল সমূহ পৰ্যবেক্ষণ কৰাৰ আহ্বান জনাইছে।