মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী পুঠিমাৰীত বন বিভাগৰ অভিযান। বৃহৎ পৰিমানৰ শাল আৰু চেগুন গছৰ কাঠৰ কুণ্ডাসহ জব্দ এটা অবৈধ কাঠফলা মিল। অসম-মেঘালয় সীমান্তত বহু কেতিয়া অবৈধ কাঠফলা মিল গঢ় লৈ উঠিছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী পুঠিমাৰীত মঙলবাৰে দিনৰ প্ৰায় ২ বজাত হাটশিঙিমাৰী বন বিভাগৰ দল এটা কালাপানী আৰক্ষীৰ সহযোগত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। অভিযানকাৰী দলটোৱে অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ শাল আৰু চেগুন গছৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী বহু কেইটা স্থানত অবৈধ কাঠফলা মিল গঢ় লৈ উঠিছে। এক গোপন সুত্ৰৰ ভিত্তিত জিলাখনৰ বন বিষয়া দেৱজিত চৌধুৰীৰ নেতৃত্বত হাটশিঙিমাৰীৰ বন বিভাগৰ দল এটা কালাপানী আৰক্ষীৰ সহযোগত দিনৰ প্ৰায় ২ বজাত অভিযান চলায়।
লগতে পঢ়ক – শৰাইঘাট দলংঃ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে’লপথযুক্ত দলঙৰ ইতিহাস আৰু ইয়াৰ নিৰ্মাণ
এই অভিযানকালত বন বিভাগৰ দলটোৱে এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰি মিলৰ যন্ত্ৰ-পাতি জব্দ কৰে। একেদৰে মিলখনত জমা থোৱা বৃহৎ পৰিমাণৰ শাল আৰু চেগুন গছৰ কাঠৰ কুণ্ডা জব্দ কৰি হাটশিঙিমাৰী বন বিভাগৰ কাৰ্যালয়ত জমা কৰে। জব্দ কৰা কাঠৰ কুণ্ডা আৰু মেচিনৰ মুল্য প্ৰায় ৫ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।