নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসমৰ চৰকাৰৰ দুবছৰীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ ক্ষণত আজি খানাপাৰাত অনুষ্ঠিত বৃহৎ নিযুক্তি সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ মাজত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।

উক্ত অনুষ্ঠানটোত গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে অসমৰ যুৱক-যুৱতীসকলক মুক্ত আৰু নিৰপেক্ষ ভাৱে ১ লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে। মই সকলোকে অভিনন্দন জনাব বিচাৰো আৰু আশা কৰোঁ যে মা কামাখ্যাৰ আশীৰ্বাদত আপোনালোক অনাগত দিনত অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয়, নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আমি বদ্ধপৰিকৰ। সম্পূৰ্ণৰূপে নিকা আৰু স্বচ্ছ পদ্ধতিৰে আমি ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত আমি দৃঢ় সংকল্প গ্ৰহণ কৰিছিলোঁ। নেদেখাজনৰ আশীৰ্বাদত, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি পূৰণৰ দিশত আগবাঢ়ি গৈছিলোঁ।

লগতে কয়, ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ পথত অগ্ৰসৰ হৈ আমাৰ চৰকাৰে বৰ্তমানলৈ প্ৰায় ৮৭,০০০ পদত নিযুক্তি প্ৰদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত ২২,০০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। তদুপৰি ৰাজ্যখনৰ বিকাশৰ গতি ক্ষীপ্ৰতৰ কৰি তোলাৰ লক্ষ্যৰে উদ্যোগীকৰণৰ বাবেও এক প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰচেষ্টা হাতত লৈছোঁ।

উল্লেখ্য যে, ইতিপূৰ্বে ৪২,০৭৯গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ পাছত আজি ৪৪,৭০৩ গৰাকীৰ নিযুক্তিৰ ফলত বৰ্তমানলৈ ৮৬,৭৮২ গৰাকীৰ নিযুক্তি প্রদান সম্পূৰ্ণ হ’ল। উক্ত অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল, সাংসদসকল আৰু বিধায়কসকল উপস্থিত থাকে।
লগতে পঢ়ক – গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা গুৱাহাটীৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন