নিউজ ডেস্কঃ আজি বোকাখাতত মুখ্যমন্ত্রী জন আৰোগ্য যোজনা (MMJAY)-ৰ অধীনৰ “আয়ুষ্মান অসম কাৰ্ড” বিতৰণৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। বোকাখাত নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত বোকাখাত মহকুমাৰ ৩৩ গৰাকী হিতাধিকাৰীক আয়ুষ্মান অসম কাৰ্ড আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। বোকাখাত মহকুমাৰ সৰ্বমুঠ ৯১,০০০ গৰাকী হিতাধিকাৰীয়ে এই যোজনাৰ অধীনত সুবিধা লাভ কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰাই কয় যে, সকলোৰে বাবে স্বাস্থ্য সুৰক্ষা সহজলভ্য কৰি তোলা “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” ধ্বজাবাহী আঁচনিখন অসমৰ স্বাস্থ্যসেৱাৰ এক মাইলৰ খুঁটি। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত “আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা”ক সম্প্ৰসাৰণ ঘটাই অসমৰ স্বাস্থ্য খণ্ডত সংযোজন ঘটোৱা এই অভিলাষী আঁচনিখনৰ জৰিয়তে ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিবলৈ সক্ষম হ’ব। যিয়ে ৰাজ্যখনৰ আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব।

অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)ৱাছবীৰ চুভানী, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া সৌভিক দত্ত প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া, বোকাখাত মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়া, পৌৰ, পঞ্চায়ত প্ৰতিনিধিসকল, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ কেইবাগৰাকীও নেতা, হিতাধিকাৰীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক – ব্ৰিজ ভূষণৰ বাসগৃহত দিল্লীৰ আৰক্ষী উপস্থিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply