নিউজ ডেস্ক : বিশ্ব ক্ৰিকেট জগতৰ বাবে এক শোকাবহ খবৰ। এক ভয়ংকৰ পথ দুর্ঘটনাত মৃত্যু বিখ্যাত ক্ৰিকেটাৰৰ। পথ দুর্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ডৰো ছাইমণ্ডছৰ।
শনিবাৰে নিশাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ডৰো ছাইমণ্ডছ। অষ্ট্ৰেলিয়াৰ টাউন্সভিলেত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। শনিবাৰে নিশা ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা।
দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এণ্ডৰো ছাইমণ্ডছক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা চলায় যদিও অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। শোকাবহ পথ দুর্ঘটনাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ডৰো ছাইমণ্ডছৰ মৃত্যু বাতৰিৰ পিছতে সমগ্ৰ বিশ্বৰ ক্ৰিকেট জগতত শোকৰ ছাঁ বিৰাজ কৰিছে।
লগতে পঢ়ক – প্ৰয়াস অধ্যয়ন চক্ৰৰ সৌজন্যত কাজিৰঙাত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং শিবিৰ মুকলি
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ সকলৰ লগতে সমগ্ৰ বিশ্বৰ ক্ৰিকেটাৰ সকলে এণ্ডৰো ছাইমণ্ডছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে কিছুদিন পুর্বে অষ্ট্ৰেলিয়াৰ আন এগৰাকী বিষয় খেলুৱৈ ছেন ৱাৰ্নৰ মৃত্যু হৈছিল। ২০০৩ আৰু ২০০৭ চনত অষ্ট্ৰেলিয়াই বিশ্ব কাপ জয় কৰাৰ আঁৰত আছিল এণ্ডৰো ছাইমণ্ডছৰ গুৰুত্বপূৰ্ণ ভূমিকা।