নিউজ ডেস্ক- কালি কাৰ্বি আংলং জিলাৰ এক আনুষ্ঠানিক কাৰ্যসূচীত কংগ্ৰেছত যোগদান কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেংকে। এই অনুস্থানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু লোকসভাৰ সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে।

আনহাতে, উক্ত অনুস্থানটোত জয়ৰাম ইংলেংকে প্ৰমূখ্য কৰি ভূপেন হান্সু, মহেশ্বৰ ৰাইজুং, মহেন টেৰন, এদৱাৰ্ড তপ্ন, ফিলিপ টেৰং, কাংবুৰে টিছ’, ছন্দ্ৰ লটকেকো যোগদান কৰে।

উল্লেখ্য যে অনুস্থানটোত লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা সাংসদ গৌৰৱ গগৈ, তিনিওখন জিলাৰ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়া, নিৰ্মল লাংথাছা, অপূৰ্ব ভট্টাচাৰ্য, আনোৱাৰ হুছেইনকে প্ৰমূখ্য কৰি তিনিওখন জিলাৰ ব্লক সভাপতি সকল, যুৱ কংগ্ৰেছ, সেৱাদল, এন.এছ.ইউ.আইৰ লগতে বহু ৰাইজ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply