নিউজ ডেস্ক: দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে।

বংশবৃক্ষ পৰীক্ষণৰ নামত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমত সংঘটিত হোৱা বৃহৎ জালিয়াতিৰ বিৰুদ্ধে পূৰ্বে মাত মাতি অহা অভিজিৎ শৰ্মাই ন্যায়াধীশ ৰঞ্জন গগৈৰ “Justice for the Judge : An Autobiography” নামৰ গ্ৰন্থখন নিষিদ্ধ কৰাৰ বাবে আবেদন দাখিল কৰিছে।

লগতে গ্ৰন্থখনৰ প্ৰকাশন প্ৰতিষ্ঠান ৰূপা পাব্লিকেশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে অভিজীৎ শৰ্মাই।

গ্ৰন্থখনত বহু আপত্তিজনক কথা সন্নিৱিষ্ট কৰাৰ বাবে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply