নিউজ ডেস্ক : আজি ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অতিকৈ প্ৰতিভাৱান প্ৰাক্তন খেলুৱৈৰ জন্মদিন। আজি জন্মদিন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ চেতন চৌহানৰ জন্মদিন। ভাৰতীয় দলৰ মহান বেষ্টমেন সুনীল গাভাস্কৰৰ সবাতোকৈ ডাঙৰ সংগী হিচাপে জনাজাত চেতন চৌহান।

১৯৬৯ ৰ পৰা ১৯৮১ চনলৈ চেতন চৌহান ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলিছিল। এই সময়ছোৱাত চতেন চৌহান ভাৰতীয় ক্ৰিকেট প্ৰেমী ৰাইজৰ মাজত এগৰাকী চৰ্চিত ক্ৰিকেটাৰ আছিল। সুনীল গাভাস্কৰ আৰু চেতন চৌহানৰ যুটীয়ে ৩১২৭ ৰাণ সংগ্ৰহ কৰিছিল। চেতন চৌহানৰ জন্ম ২১ জুলাই ১৯৪৭ চনত বৰেলীত হৈছিল।

২০২০ চনৰ ১৬ আগষ্টত ক’ভিড মহামাৰীৰ লগত যুঁজি ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল চেতন চৌহানে। এটাও শতক অর্জন নকৰাকৈ দুই হাজাৰ ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথম গৰাকী বেষ্টমেন আছিল চেতন চৌহান। ভাৰতৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ৪০ খন টেষ্ট মেচ খেলি ২০৮৪ ৰাণ সংগ্ৰহ কৰিছিল।

লগতে পঢ়ক –  বাদুলিপাৰত যুৱকক হত্যা: পাঁচজনক জেল হাজোতলৈ প্ৰেৰণ 

টেষ্ট ক্ৰিকেটত চেতন চৌহানৰ সৰ্বোচ্চ ৰাণ আছিল ৯৭। চেতন চৌহানে নিজৰ ১২ বছৰীয়া দীঘলীয়া কেৰিয়াৰত এটাও শতক অর্জন কৰিবলৈ সক্ষম হোৱা নাছিল। ৮০ আৰু ৯৭ ৰাণৰ ভিতৰত চেতন চৌহান ৯ বাৰকৈ আউত হৈছিল। চেতন চৌহানে ৭ খনকৈ আন্তঃৰাষ্ট্ৰীয় এদিয়া মেচত ১৫৩ ৰাণ সংগ্ৰহ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply