গুৱাহাটী : ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱাসন। ৮৪ বছৰ বয়সত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱাসন। কৰ্কট ৰোগৰ আক্রান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে।
নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে। কৰ্কট ৰোগত আক্রান্ত হৈ দীর্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৪ জিলাৰ ২৯ খন গাঁও জলমগ্ন
৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা অৰ্ধেন্দু কুমাৰ দে ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাইৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক আছিল। পৰৱৰ্তী সময়ত পুনৰ ২০১১ ৰ পৰা ২০১৬ চনলৈ তেওঁ হোজাইৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰী সভাত মন্ত্ৰী থকা অৰ্ধেন্দু কুমাৰ দে ২০২১ চনত বিজেপি যোগদান কৰিছিল।