নিউজ ডেস্ক: প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে দাবী । আজি RTI কৰ্মী দীলিপ নাথে লাভ কৰা তথ্য ভিত্তিত দাবী উত্থাপন কৰি কয় যে অসমৰ বনমন্ত্ৰী হৈ থকাৰ কালছোৱাত অবাধ দুৰ্নীতিৰে পৰ্বতসম সম্পত্তিৰ অধিকাৰী হৈছিল ৰকিবুল হুছেইন । অসমৰ প্ৰায় ২০ টা স্থানত অট্টালিকা নিৰ্মাণ কৰাৰ লগতে দেশৰ কেইবা ঠাইতো ক্ৰয় কৰিছিল মাটি।

RTI কৰ্মী গৰাকীয়ে কয় যে ইতিমধ্যে অনিল ৰাজা নামৰ এজন লোকে ৰকিবুল হুচেইনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু তদাৰকী শাখাৰ ওচৰত দুটাকৈ গোচৰ ৰুজু কৰিছিল যদিও অসম চৰকাৰৰ গৃহ বিভাগে তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।

উল্লেখ্য যে বনমন্ত্ৰী হৈ থকা সময়তে কোষাগাৰত জমা কৰিছিল গড়ৰ খৰ্গৰ বিপৰীতে বাঁহৰ মূঢ়া। দুটাকৈ গোচৰ মুখ্যমন্ত্ৰী দনীতি নিবাৰক আৰু তধাৰকী শাখাত পঞ্জিয়ণ হৈ থকাৰ পিছতো আজি পয্যন্ত কোনো তদন্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰি দিলীপ নাথে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক দৃষ্টি দিৱলৈ অনুৰোধ জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply