নিউজ ডেস্ক: সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন। উচ্চতম ন্যায়ালয়ে দিল্লীৰ আপ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে বিগত এবছৰ ধৰি বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত কাৰাবন্দী হৈ আছে। শাৰীৰিক অসুস্থতাৰ বাবে সত্যেন্দ্ৰ জৈনক ৬ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে।

বুধবাৰে নিশা তিহাৰ জেলৰ কাৰাগাৰৰ বাথৰুমত পৰি গুৰুতৰভাৱে আহত হৈছে দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন। লগে লগে তেওঁক দিল্লীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

২০২২ চনৰ ৩১ মে’ত ইডিয়ে সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল। যোৱা সপ্তাহত জৈনৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে আদালতত কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৩৫ কেজি কমিছে। তেওঁ আন বহু ৰোগতো ভুগি আছে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে আপ নেতা তথা দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক চিকিৎসাৰ বাবে ৬ সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। বিগত বৰ্ষৰ মে’ মাহৰ পৰা তেওঁ তিহাৰ জেলত বন্দী হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply