গুৱাহাটী : সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ দেহাৱসান। বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে সৰুপথাৰ সমষ্টিৰ অগপৰ প্ৰাক্তন বিধায়ক গৰাকীৰ।
সৰুপথাৰ সমষ্টিৰ অগপ দলৰ প্ৰাক্তন বিধায়ক গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। দীর্ঘদিন ধৰি সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালা অসুস্থ হৈ আছিল। সুৰপথাৰ সমষ্টিৰ পৰা বিনোদ গোৱালা চাৰিবৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
লগতে পঢ়ক – গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰহস্যজনক ঘটনা
প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত প্ৰাক্তন বিধায়ক গৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ কামনাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰিছে।