নিউজ ডেস্কঃ ৱায়ানাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে শুক্ৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰে। প্ৰকৃততে, ৰাহুল গান্ধীক লোকসভাৰ সদস্যপদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। যাৰ পিছত কংগ্ৰেছ নেতাজনে চৰকাৰী বাসভৱন খালী কৰিবলৈ জাননী লাভ কৰিছিল।

ANI য়ে ৰাহুল গান্ধীৰ ১২ তুঘলক লেন চৰকাৰী বাসভৱন চৌহদৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। য’ত এখন সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাক এখন দৃশ্যমান হয়। ট্ৰাকখন কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীৰ ১০ জনপথৰ বাসগৃহত ৰাহুল গান্ধীৰ সামগ্ৰী সমূহ লৈ যায়।

ৰাহুল গান্ধীক ২ বছৰৰ বাবে কাৰাবাস,

২৩ মাৰ্চত চুৰাটৰ এখন আদালতে কংগ্ৰেছ নেতাজনক ‘মোডী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

চুৰাট আদালতৰ সিদ্ধান্তৰ পিছত লোকসভা সচিবালয়ে ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰি এক জাননী জাৰি কৰে। যাৰ পিছত কংগ্ৰেছ নেতাজনে লোকসভা গৃহ নিৰ্মাণ সমিতিৰ পৰা ঘৰটো খালী কৰিবলৈ জাননী লাভ কৰিছিল।

ৰাহুল গান্ধীৰ চৰকাৰী বাসগৃহ ২২ এপ্ৰিলৰ ভিতৰত খালী কৰিব লাগিব,

গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক চৰকাৰী আৱাস খালী কৰিবলৈ ২২ এপ্ৰিললৈকে সময় দিছিল। এনে পৰিস্থিতিত, কংগ্ৰেছ নেতাজনে তেওঁৰ চৰকাৰী বাসভৱন খালী কৰা আৰম্ভ কৰিছে।

হাউচিং কমিটিৰ পৰা জাননী পোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়াও প্ৰকাশ পাইছিল। য’ত তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁ জাননীখন অনুসৰণ কৰিব।

লগতে পঢ়ক – সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত কেজৰিৱাললৈ CBI ৰ জাননী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply