নিউজ ডেস্ক: আজি পুৱা নেপালৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা নেপালী কংগ্ৰেছ নেতা বালকৃষ্ণ খাণ্ডক বিদেশত ভূটানী শৰণাৰ্থী হিচাপে নেপালৰ নাগৰিকক সৰবৰাহৰ অভিযোগত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কাঠমাণ্ডুৰ চাবাহিলৰ বাসগৃহৰ পৰা খাণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ভূটান শৰণাৰ্থী হিচাপে আমেৰিকালৈ পঠোৱাৰ প্ৰতিশ্ৰুতিৰে বহু নেপাল নাগৰিকক অবৈধভাবে বিপুল পৰিমাণৰ ধনেৰে প্ৰতাৰণা কৰা ক্ষেত্ৰত জড়িত হৈ থকাৰ বাবেই খাণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে।
জানিব পৰা মতে অভূটানী শৰণাৰ্থীক ভূটানী শৰণাৰ্থী হিচাপে বিভিন্ন দেশলৈ পঠোৱাৰ গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোকসকলে দিয়া বক্তব্যৰ ভিত্তিত তেওঁক আটক কৰা হৈছে প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীক।