নিউজ ডেস্ক: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এনে নিষেধাজ্ঞাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে। শুকুৰবাৰে এটা টুইটত তেওঁ কয়, ‘মোৰ নাম ভ্ৰমণ নিষেধাজ্ঞাৰ তালিকাত স্থান দিয়াৰ বাবে ধন্যবাদ। মোৰ বিদেশলৈ যোৱাৰ কোনো পৰিকল্পনা নাই। কাৰণ মোৰ বিদেশত ব্যৱসায় বা সম্পত্তিও নাই। আনকি দেশৰ বাহিৰত বেংক একাউণ্টো নাই’। তেওঁ লগতে কয়, ‘যদি মই ছুটী কটাবলৈ সুযোগ পাওঁ, তেন্তে সেই ঠাই হ’ব আমাৰ দেশৰ দক্ষিণৰ পাহাৰবোৰ৷ পৃথিৱীৰ এইয়াই আটাইতকৈ মোৰ প্ৰিয় ঠাই’।
ইমৰাণ খান, তেওঁৰ পত্নী বুছৰা বিবি আৰু তেওঁৰ দল পিটিআইৰ নেতাসকলক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ একাংশ বিভাগৰ অনুৰোধত নিষেধাজ্ঞাৰ তালিকা প্ৰস্তুত কৰা হৈছে।
ইয়াৰ ভিতৰত আৰক্ষীৰ উপৰিও কেন্দ্ৰীয় তদন্ত সংস্থা আৰু ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰোও আছে। এই তালিকাৰ বাবে আৰক্ষী, কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী ব্যুৰো, প্ৰাদেশিক দুৰ্নীতি বিৰোধী ব্যুৰো, এন এ বি আৰু বিভিন্ন চোৰাংচোৱা সংস্থাই নাম প্ৰেৰণ কৰিছে।
জানিব পৰা মতে, ইমৰাণ খান, বুছৰা বিবিকে ধৰি ৰাজনীতিবিদসকলৰ নাম আৰু পিএনআইএলৰ তালিকা পাকিস্তানৰ সকলো বিমানবন্দৰ আৰু স্থলবন্দৰলৈ প্ৰেৰণ কৰা হৈছে।