নতুন বছৰৰ আৰম্ভণিতে ক্ৰীড়া জগতৰ বাবে এটা দু: খবৰ। কৰ্কট ৰোগত আক্ৰান্ত হৈছে  মাৰ্টিনা নাভ্ৰাটিলোভা । তেওঁ সোমবাৰে নিজেই  এই কথা সদৰী কৰিছে। চিকিৎসাৰ পিছত তেওঁ সোনকালে আৰোগ্য হ’ব বুলিও আশা কৰে প্ৰাক্তন টেনিছ তাৰকাগৰাকীয়ে।

মাৰ্টিনা নাভ্ৰাটিলোভাই যোৱা নৱেম্বৰত ডিঙিত অস্বস্তিৰ কথা লক্ষ্য কৰিছিল। তাৰ পিছত, পৰীক্ষাত এটা টিউমাৰ ধৰা পৰে। ইয়াৰ পিছত গোটেই শৰীৰৰ পৰীক্ষা কৰা হয়। দেখা যায় যে কৰ্কট ৰোগ স্তনলৈও বিয়পি পৰিছে।

মাৰ্টিনাই ১৩ বছৰ আগতে ৰেডিয়েশ্যন থেৰাপিৰ দ্বাৰা স্তনৰ কৰ্কট ৰোগৰ পৰা মুক্ত হৈছিল। তেতিয়া কোৱা হৈছিল যে ৰোগটো ঘূৰি অহাৰ সম্ভাৱনা নাই। কিন্তু দেখা গৈছে যে পুনৰ মাৰাত্মক ৰোগটোত আক্ৰান্ত হৈছে মাৰ্টিনাৰ শৰীৰ।

চিকিৎসা সম্পৰ্কত মাৰ্টিনাই কয়, “এই দুটা কেন্সাৰ মোৰ বাবে অতি উদ্বেগজনক। কিন্তু আশাৰ কথাটো হ’ল ইয়াক দূৰ কৰিব পাৰি। আশা কৰোঁ কিবা ভালেই হ’ব। ই কেইদিনমানৰ বাবে হয়তো কষ্ট দিব পাৰে। কিন্তু মই মোৰ মাজত থকা শক্তিৰে  যুঁজিম।‘’

খেলৰ পৰা অৱসৰ লোৱাৰ পিছত মাৰ্টিনাই টেনিছ বিশেষজ্ঞ হিচাপে কাম কৰিছিল। তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত কমেন্ট্ৰি দিবলৈ কেইদিনমান পিছত মেলবৰ্ণলৈ উৰা মৰাৰ কথা আছিল।

উল্লেখ্য যে মাৰ্টিনা নাভ্ৰাটিলোভাই ১৯৭৪ চনৰ পৰা ২০০৬ চনলৈ টেনিছ খেলিছিল। তেওঁৰ নামত একক, ডাবলছ আৰু মিক্সড ডাবলছত ৫৯ টা গ্ৰেণ্ড শ্লাম আছে। তেওঁ আন যিকোনো মহিলা খেলুৱৈতকৈ অধিক উইম্বলডন (৯) জিকিছে। মাৰ্গাৰেট কোৰ্ট আৰু ডৰিছ হাৰ্টৰ লগতে মাৰ্টিনাই হৈছে একমাত্ৰ মহিলা টেনিছ খেলুৱৈ যিয়ে একক, ডাবলছ আৰু মিক্সড ডাবলছত কেৰিয়াৰ গ্ৰেণ্ড শ্লাম লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply