তামুলপুৰত ৪ খন দলং আৰু পথৰ আধাৰশিলা স্থাপন

নতুন জিলা তামুলপুৰত প্ৰায় এহাজাৰ কৌটি টকাৰ বিকাশৰ এক পৰিকল্পনা লৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে আজি কুমাৰীকাটা-কাউলী-গুৱাবাৰী পথত মটঙা নৈৰ ওপৰত দুখন,  বাল্টি নৈৰ ওপৰত এখন আৰু দক্ষিণ কুমাৰীকাটা-নাগ্ৰিজুলী পথত মটঙা নৈৰ ওপৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে৷

কুমাৰীকাটা-কাউলী-গুৱাবাৰীৰ প্রায় ১২ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱাই সমগ্ৰ অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ যোগাযোগৰ আৰু যাতায়াতৰ মাধ্যম হিচাপে পৰিগনিত হব৷ দীৰ্ঘদিন ধৰি যাতায়াতৰ সুচল ব্যৱস্থা নথকা হেতুকে অঞ্চলটোৰ ৰাইজে দৈনন্দিন জীৱনৰ ন্যূনতম সা-সুবিধাখিনি লাভ কৰাৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছিল। এই পথ সংযোগী দলং নির্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই পথৰ লগত জড়িত জিলাখনৰ কেইবাখনো গাঁও ক্ৰমে কুমাৰীকাটা,  চাহেব টুপা,  মেজগুৰি,  পুখুৰীপাৰ, কাউলী,  চন্দনপুৰ,  নাৰায়ণপুৰ,  হৰিণচৰা,  ২নং বগৰীখুটী,  বিমলানগৰ,  ১নং দঙাৰগাঁও, গয়বাৰী আদিৰ ৰাইজ উপকৃত হ’ব।

ইয়াৰ লগতে দক্ষিণ কুমাৰীকাটা-নাগ্ৰিজুলী সংযোগী পথত নিৰ্মাণ হ’বলগীয়া দলঙখনে দক্ষিণ কুমাৰীকাটা,  বটিয়ামাৰি,  বাটাবাৰী,  লতিবাৰী,  চিঙৰামাৰি, পাকৰিবাৰী,  ডৈমাবাৰী,  কুছুমজুলি,  চাহপুৰ,  বাল্টিপুৰ,  নাগ্ৰিজুলী আদিৰ ৰাইজ উপকৃত হব বুলিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষনত সদৰি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply