নিউজ ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়, “আজি দিনটো আমাৰ বাবে আনন্দৰ দিন। প্ৰধানমন্ত্ৰীয়ে এইমছৰ মুলি পিছতেই আজি ফৰেনছিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। অসমবাসী ৰাইজলৈ মোৰ অভিনন্দন জনাইছো।”

লগতে মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহক কৃতত্জ্ঞতা জ্ঞাপন কৰি কয়, অসমত ফৰেনচিক ব্যৱস্থাটো দুৰ্বল থকা কাৰণে আমি ক্ৰিমিনেল জাষ্টিচ ব্যৱস্থাটোক যিমান আগুৱাব লাগিছিল সিমান দূৰ আমি আগুৱাব পৰা নাছিলো। কিন্তু এতিয়াৰ পৰা কনভিকচন বাঢ়িব বুলি আশা কৰিছো।

ইফালে, উপস্থিত থকা ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় উপাচাৰ্য কয়, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনৰ হেতু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১৫ দিনৰ ভিতৰতে ভূমি আবণ্টনৰ দ্বাৰা সমগ্ৰ প্ৰক্ৰিয়াক এক গতি প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছিল।

উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানতেই গৃহমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ ‘অসম সেতু’ নামৰ এক পৰ্টেল মুকলি কৰে। পৰ্টেলটোৰ দ্বাৰা নাগৰিকে ই-অভিযোগ, ই-এফ আই আৰ, ৰাজহুৱা অভিযোগ নিৰাময়, সেৱা অভিযোগ নিৰাময়, জ্যেষ্ঠ নাগৰিকৰ পঞ্জীয়ন, চৰকাৰী নিয়োগ পৰীক্ষণ, ব্যক্তিগত নিয়োগ বাবে সত্যাপন, ভাড়াতীয়া আৰু পি জি সত্যাপন, ঘৰুৱা সহায়কৰ প্ৰামাণিকৰণ, নিৰুদ্দিষ্ট হোৱা ব্যক্তিৰ গোচৰ, শিশু সম্পৰ্কীয় অভিযোগ, হেৰুওৱা আৰু প্ৰাপ্তি সম্পত্তি, সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুমতি, ৰাজনৈতিক অনুষ্ঠানৰ বাবে অনুমতি, ক্রীড়া অনুষ্ঠানৰ বাবে অনুমতি, ধর্মীয় অনুষ্ঠানৰ বাবে অনুমতি, সামাজিক সজাগতা অনুষ্ঠানৰ বাবে অনুমতি, মনোৰঞ্জন তথা বাণিজ্যিক অনুষ্ঠানৰ বাবে অনুমতি, ড্ৰোণৰ বাবে অনুমতি, বাণিজ্যিক নির্মাণকাৰ্যৰ বাবে আৰক্ষীৰ ক্লিয়াৰেন্স, পেট্রল পাম্প/গেছ এজেন্সীৰ বাবে আৰক্ষীৰ ক্লিয়াৰেন্স, বিস্ফোৰক সামগ্ৰীৰ স্থানান্তৰণ আৰু সংৰক্ষণৰ বাবে আৰক্ষীৰ অনুমোদন, আতচবাজী, অস্থায়ী বাৰৰ অনুজ্ঞাপত্ৰৰ বাবে অনুমতি, পাছপৰ্ট সেৱা আৰু নাগৰিকৰ মতামত আদি সুবিধা গ্ৰহণ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply