গুৱাহাটী : গুৱাহাটী ৰে’ল আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ অপিয়ামসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী গুৱাহাটী ৰে’ল আৰক্ষীৰ জালত। ডিমাপুৰৰ পৰা আনিছিল অপিয়ামখিনি।

বৃহস্পতিবাৰে পুৱাৰ ভাগতে গুৱাহাটী ৰে’ল ষ্টেচনত দুগৰাকী মহিলা আৰু দুজন পুৰুষ ড্ৰাগছ সৰবৰাহকাৰী বৃহৎ পৰিমাণৰ অপিয়ামসহ গ্ৰেপ্তাৰ হয়। এক গোপন খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে।

লগতে পঢ়ক –  উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বাক্সা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতা

ৰে’ল আৰক্ষীয়ে সুজিত কুমাৰ, নিতেশ কুমাৰ, নইনা দেৱী আৰু দুৰ্গা দেৱী নামৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক অপিয়ামখিনিৰ লগত গ্ৰেপ্তাৰ কৰে। জব্দকৃত অপিয়ামখিনিৰ বজাৰ মূল্য ১০ কোটি টকা হ’ব। অপিয়ামখিনি ডিমাপুৰৰ পৰা আনিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply